১৯৭৭ চনত জনতা মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ সময়ৰে পৰা অসমীয়া বিভাগে ছাত্ৰ -ছাত্ৰীৰ পাৰদৰ্শিতা বৃদ্ধিৰ লগতে এক মানৱ সম্পদ হিচাপে গঢ় দিবলৈ চেষ্টা কৰি আহিছে । জনজাতি অধ্যুষিত এই অঞ্চলটো ভাষিক আৰু সাংস্কৃতিকভাৱে বৈচিত্ৰময় । অসমীয়া বিভাগে এই সকলোবোৰৰ মাজত এক সমন্বয়কৰ ভূমিকা পালন কৰি আহিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে ।